মাছৰোকাৰ দুখ
(পুলক জ্যোতি শৰ্মা)
বিদ্যুতৰ তাঁৰডালত জুপুকামাৰি বহি আছে
মাছৰোকা এটা
মন তাৰ বেয়া
কেনেকৈনো চাই থাকে বাৰু বিলখন পোত যোৱা
পুঠি দৰিকণা খলিহৈ নহ'লে গৰৈচিৰিকা এটা
ক'তবা পাই এতিয়া
টলকিবই নোৱাৰিলে ওফন্দি অহা নগৰৰ ভৰত
তাৰ ভাললগাবোৰ
জাহ গ'ল কেতিয়া
********